মাজুলী: শ্ৰী শ্ৰী প্ৰাচীন চামগুৰি সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ কাব্যশাস্ত্ৰী লক্ষ্যচন্দ্ৰ আতাৰ সোঁৱৰণত বনগাঁও টাউন ক্লাৱৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে সদৌ অসম ভিত্তিত দিবা নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা । দুই লাখ টকা প্ৰাইজমানিৰে শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব এই দিবা নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাখনি । এই প্ৰতিযোগিতাখনত বিজয়ী দলক ট্ৰফীসহ নগদ ১ লাখ টকাৰ পুৰস্কাৰ আৰু বিজেতা দলক ট্ৰফীসহ নগদ ৭০,০০০ টকা দিয়া হ'ব ।
ইয়াৰ উপৰিও মেন অব দা ছিৰিজ ১০,০০০ টকা, ফাইনেল খেলত মেন অফ দা মেচ ৫০০০ টকা, প্ৰতিযোগিতা খনৰ বেষ্ট বেটছমেন ৫০০০ টকা, আৰুবেষ্ট বলৰ ৫০০০ টকা দিয়া হ'ব বুলি আয়োজক সকলে জানিবলৈ দিছে । অধিক জানিবৰ বাবে এই নম্বৰত 8135063934 / 8133909180 যোগাযোগ কৰিবৰ বাবে অনুৰোধ জনাইছে । আজি পুৱা, বৃক্ষ ৰোপণ, চাফাই অভিযান কাৰ্যসূচীৰে এই প্ৰতিযোগিতাখনিৰ আৰম্ভণি ঘটিছে । সকলো ক্ৰিকেটপ্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে ।
লগতে পঢ়ক: ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সময়সূচী মুকলি - NATIONAL GAMES CALENDAR RELEASED
ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা; কোনে পালে ১ লাখৰ পুৰস্কাৰ ? - DIBRUGARH FOOTBALL TOURNAMENT