বাক্সা: এক উৎসৱমুখৰ পৰিৱেশ ৷ চাৰিওফালে হুলস্থূল, কোনোবাই যদি বোমা ফুটাইছে আন কোনোবাই আকৌ শ্ল’গান দি প্ৰকাশ কৰিছে নিজৰ মনৰ আনন্দ ৷ এয়া কোনো বিয়া-সবাহ দৃশ্য নহয় ৷ আচলতে বিজেপিৰ তৃতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ হোৱাৰ পাছতে আনন্দৰ জোৱাৰ উঠিছে মুছলপুৰ পৰিষদীয় সমষ্টিৰ বৰমাস্থিত মুছলপুৰ মণ্ডল বিজেপি কাৰ্যালয়ত ।
মুছলপুৰ বি টি চি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল ৰিদীপ ডেকা । প্ৰাৰ্থিত্বৰ টিকট লাভ কৰি বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, প্ৰভাৰী ৰণজিৎ কুমাৰ দাসক ধন্যবাদ জনায় ৰিদীপ কুমাৰ ডেকাই ।
‘‘মুছলপুৰ পৰিষদীয় সমষ্টিটো এইবাৰ বিজেপিৰ দখললৈ অহাটো খাটাং ৷’’ সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই মন্তব্য কৰে প্ৰাৰ্থী ৰিদীপ কুমাৰ ডেকাই ।
ইতিমধ্যে সকলোৰে জ্ঞাত যে ২২ ছেপ্টেম্বৰত হ’ব বি টি চি নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ ২৬ ছেপ্টেম্বৰত বি টি চি নিৰ্বাচনৰ ভোটগণনা আৰু মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ২ ছেপ্টেম্বৰ ।
লগতে পঢ়ক : চিৰাঙত নিৰ্বাচনৰ গৰম বতাহ, চাৰিগৰাকীকৈ বাঘা বাঘা নেতাৰ মনোনয়ন দাখিল
লগতে পঢ়ক : বিটিচি দখলৰ লক্ষ্যৰে বিপিএফে ঘোষণা কৰিলে অন্তিমখন প্ৰাৰ্থী তালিকা, কোন সমষ্টি বাছি ল’লে হাগ্ৰামা মহিলাৰীয়ে ?